উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

May 16, 2021 0 By Biraj Kalita

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

পৰ্যালোচনা বৈঠকত উপায়ুক্তসকলক গভীৰ নিশাও সংকটজনক ক’ভিড ৰোগীসকলক যাতে উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱা সুনিশ্চিত কৰিব পাৰি তাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰতিখন জিলাতে একোগৰাকী অতিৰিক্ত উপায়ুক্তক টীকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্ব ন্যস্ত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে।

লগতে কণ্টেইনমেণ্ট জ’নসমূহত জাৰি কৰা বাধা-নিষেধসমূহ কটকটীয়া কৰি তুলিবলৈ আৰক্ষী অধীক্ষক নিৰ্দেশ প্ৰদান কৰে।