উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল কোষাগাৰ প্ৰাধিকৰণৰ এজন কৰ্মচাৰী…

June 16, 2021 0 By Biraj Kalita

উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল কোষাগাৰ প্ৰাধিকৰণৰ এজন কৰ্মচাৰী।

মৰিগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ এজন কৰ্মচাৰী শেহতীয়াভাৱে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।

এহেজাৰ টকা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল কনিষ্ঠ সহায়ক জয়ৰাম দাস।

জানিব পৰা মতে, দন্দুৱাৰ লক্ষিত ডেকা নামৰ অৱসৰ প্ৰাপ্ত শিক্ষক এজনৰ জিপিএফ বিল এখনৰ বাবে দাবী কৰিছিল ১৫০০টকা।

অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়েও এহেজাৰ টকা ঘৰৰ পৰা আনোগৈ বুলি অভিযোগ দাখিল কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকক।

ইয়াৰ পিছতে বুধবাৰৰ পুৱাই অভিযান চলাই লোকজনক হাতে লোটে গ্ৰেপ্তাৰৰ কৰিবলৈ সক্ষম হয় দুৰ্নীতি নিবাৰক শাখাই।