এইবাৰ অসমত চুম্বকীয় মানুহঃ দেহত লাগি ধৰে বিভিন্ন সামগ্ৰী, দুমাহ পূৰ্বে লৈছিল ভেকচিন..

June 14, 2021 0 By Biraj Kalita

এইবাৰ অসমত চুম্বকীয় মানুহ।

মানুহজনৰ দেহত লাগি ধৰে চামুচ, খন্তিৰ লগতে বিভিন্ন সামগ্ৰী।

চিৰাং জিলাৰ বিজনীৰ কাউৱাটিকাৰ শিৱশংকৰ অধিকাৰী নামৰ এই লোক জনৰ দেহত চামুচ, হেতা, মুদ্ৰা, খন্তি আদি লাগি ধৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ভেটাগাঁও নৱাৰূপ স্কুলৰ বিজ্ঞান শিক্ষক অধিকাৰীয়ে কিছু দিন পূৰ্বে কোভিড-১৯ৰ ভেকচিন গ্ৰহণ কৰিছিল ৷ ভেকচিন গ্ৰহণৰ পিছত বিভিন্নজনৰ গাত চুম্বকীয় শক্তি লাভ কৰা বুলি খবৰ লাভ কৰাৰ পাছত নিজে পৰীক্ষা কৰি চোৱাত এই কথা জানিব পাৰে।

শিক্ষকজনৰ মতে এয়া কোনো ভেকচিন লোৱাৰ বাবে নহয়, এয়া একাংশ মানুহৰ দেহত এক ধৰণৰ মেগ্নেটিক পাৱাৰ থাকে যাৰ ফলত এই ধৰণৰ ষ্টীল জাতীয় সামগ্ৰী দেহত লাগি ধৰে বুলি মন্তব্য কৰিছে।

শিক্ষকজনে লগতে জানিবলৈ দিয়া মতে, বিগত প্ৰায় সাত বছৰ পূৰ্বে তেওঁ এই পৰীক্ষা কৰিছে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতে একাংশ লোকৰ দেহত চুম্বকীয় শক্তি দেখা দিছে বুলি বহু ফটো ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা দেখিবলৈ পোৱা গৈছে।