এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্তৰ ফেচবুক একাউন্ট
August 6, 2021নিউজ ডেস্ক। এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট এগৰাকী জিলা উপায়ুক্তৰ ফেচবুক একাউন্ট।
জিলা উপায়ুক্তৰ নামত ফেচবুক একাউন্ট খুলি বিভিন্নজনক ধন দাবী চক্ৰটােৰ।
এই কথা নিজমুখে প্ৰকাশ কৰিছে শােণিতপুৰৰ জিলা উপায়ুক্ত ভূপেন চন্দ্ৰ বৰাই।
জিলাৰ উপায়ুক্ত ভূপেন চন্দ্ৰ দাসৰ এখন ফটো লৈ ফেচবুক একাউণ্ট খুলি বহুলোকক টকা-পইচা দাবী জনােৱা বুলি সাংবাদিকৰ আগত তেওঁ প্ৰকাশ কৰে।
ইতিমধ্যে, জিলা উপায়ুক্তগৰাকীয়ে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কাৰণে শোণিতপুৰ জিলাৰ এছ পি আৰু চাইবাৰ ক্ৰাইম ব্ৰাঞ্চত অৱগত কৰা বুলি প্ৰকাশ কৰিছে।