এইবাৰ পথাৰত কঠীয়া সিঁচিলে কৃষি মন্ত্রী অতুল বৰাই…

June 13, 2021 0 By Biraj Kalita

পুনৰ পথাৰত খেতিয়কৰ ৰূপত দেখা গ’ল কৃষি মন্ত্ৰী অতুল বৰাক।

এইবাৰ ডিমৌত পথাৰত কঠীয়া সিঁচিলে কৃষি মন্ত্রী অতুল বৰাই।

শিৱসাগৰৰ ঐতিহাসিক ডিমৌ পথাৰক কেন্দ্র কৰি ১৯৬০ চনত প্রতিষ্ঠা হোৱা বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ উদ্যোগত প্রায় ৬০ বছৰ ধৰি ১৪৫ বিঘা মাটিত স্থানীয় অর্ধশতাধিক পৰিয়ালে কৰি অহা সমবায় কৃষিকার্যক এক অনন্য মাত্রা প্রদানৰ বাবে শনিবাৰে বিশেষ ‘কঠীয়া সিঁচা’ কার্যসূচী হাতত লোৱা হয়৷

ৰাজহুৱা এই কঠীয়া সিঁচা কার্যসূচীত অসম চৰকাৰৰ কৃষি, পশুপালন, সমবায় আদি বিভাগৰ কেবিনেট মন্ত্রী অতুল বৰাই মুখ্য অংশগ্রহণকাৰী ৰূপে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ অন্য এগৰাকী কেবিনেট মন্ত্রী যোগেন মহন আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়েও কার্যসূচীত অংশগ্রহণ কৰে৷

দুপৰীয়া ডিমৌ পথাৰৰ উক্ত ৰাজহুৱা কৃষিভূমিত বৰকাঁহ–খোলেৰে আদৰণি জনাই গাঁৱৰ স্থানীয় নামঘৰত সেৱা গ্রহণ কৰোৱাই ৰাইজে কঠীয়া সিঁচা পর্ব পালনৰ অর্থে সাজু কৰি ৰখা বিশেষ কঠীয়াতলীলৈ দুই মন্ত্রী আৰু সাংসদক আগবঢ়াই নিয়ে।

কঠীয়া সিঁচা পর্বত অংশগ্রহণৰ অর্থে হাফ পেণ্ট, চুৰীয়া পিন্ধি, গেঞ্জী–বনিয়নৰ সৈতে মূৰত জাপি, হাতত খৰাহি লৈ দুই মন্ত্রী আৰু সাংসদৰ লগত আন আন অংশগ্রহণকাৰীয়ে শালিধানৰ বীজ সিঁচা কার্য সম্পন্ন কৰে।

লগতে চাওকঃ

১ লাখতকৈ অধিক আয় কৰা লোকক ৰেছন কাৰ্ড এৰিবলৈ আহ্বান যােগানমন্ত্ৰীৰ