একাংশ ধাবাত চলে অসামাজিক কাৰ্যকলাপ! ৫ যুৱতী ৪ যুৱকক আটক আৰক্ষীৰ
December 6, 2021নিউজ ডেস্ক। অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িসকলৰ বিৰুদ্ধে পুনৰ সফল অভিযান নগাঁও আৰক্ষীৰ।
নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত মাজৰাটিত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰাৰ পাছত পুনৰ ঢাবাত চলি থকা অসৎ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ।
নগাঁও বাইপাছত থকা জুইশাল ধাবাক অভিযান চলাই আন এটা অসামাজিক কাৰ্যকলাপৰ ঘাটি উৎখাত কৰে আৰক্ষীয়ে।
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীৰ দলে চাৰি যুৱতী, ৫ যুৱকসহ ৯জন লোকক আটক কৰিবলৈ সক্ষম হয়।
তেওঁলোকৰ পৰা বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে ১৯,৫০০ টকা আৰু ৫টা ম’বাইল হেণ্ডছেট জব্দ কৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল