এক ভয়ংকৰ অগ্নিকাণ্ডঃ ৫টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত…

July 12, 2021 0 By Biraj Kalita

ডিগবৈ থানাৰ অন্তৰ্গত ইটাভাটা অঞ্চলত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৫টাকৈ বাসগৃহ জ্বলি ভস্মীভূত হয়।

নিৰু দাস, নিৰুমা দাস, আৰু সুভাষ দাস, ৰেবত সোণোৱাল আৰু মালা দেৱনাথ নামৰ লোক কেইগৰাকীৰ ঘৰ জ্বলি চাৰখাৰ হয়।

প্ৰথমতে নিৰু দাসৰ এটা ভাড়া ঘৰত জুই লাগে আৰু তাৰ পাছতে মুহুৰ্ততে অন্য চাৰিটা ঘৰকো জুইৰ লেলিহান শিখাই আগুৰি ধৰে।

বিদ্যুতৰ বিজুতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই।

অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত।