এক লোমহৰ্ষক ডকাইতি কাণ্ড, দুৰ্বৃত্তৰ ডেগাৰৰ ঘাপত আহত গৃহিণী…

July 11, 2021 0 By Biraj Kalita

এক লোমহৰ্ষক ডকাইতি কাণ্ড।

দুৰ্বৃত্তৰ ডেগাৰৰ ঘাপত আহত গৃহিণী।

নগৰবেৰাত যোৱানিশা সংঘটিত হয় এক লোমহৰ্ষক ডকাইতি কাণ্ড।

মুখত কলা কাপোৰ বন্ধা ডকাইতৰ দল এটা ঘৰত প্ৰবেশ কৰে।

কিন্তু গৃহস্থ সাৰ পোৱাত শুই থকা অৱস্থাত ঘৰৰ গৃহিণীক ডিঙিত ডেগাৰেৰে ঘপিয়াই পলায়ন কৰে।

নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত হৰিডোবা গাঁৱৰ ৰঞ্জিত দাস নামৰ এজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।

দুৰ্বৃত্তৰ আক্ৰমণত ৰঞ্জিত দাসৰ পত্নী দূৰ্গাবালা দাস গুৰুতৰভাৱে আহত হয়।

দলটিত চাৰি সদস্য আৰু প্ৰতিজনৰে মুখ কলা কাপোৰেৰে বন্ধা থকা বুলি সদৰি কৰে ভুক্তভোগী ৰঞ্জিত দাসে।

অচিনাক্ত ডকাইতৰ দলটি খিৰিকীৰে প্ৰবেশ কৰি বাকী বয়-বস্তু একো নিব নোৱাৰিলেও ৰঞ্জিত দাসৰ 4G মোবাইলটো ল’ই যায় বুলি জানিব পৰা গৈছে।

নগৰবেৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ডকাইত দলৰ অনুসন্ধান অব্যাহত ৰাখিছে।