এক শোকাৱহ ঘটনা! কুঁৱাত পানী মটৰ মেৰামতি কৰোঁতে দুজনৰ মৃত্যু…
June 28, 2021এক শোকাৱহ ঘটনা!
কুঁৱাত পানী মটৰ মেৰামতি কৰোঁতে দুজনৰ মৃত্যু।
সোমবাৰে পুৱা চিমেন চাপৰিত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো।
ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাৱঁত এটা কুঁৱা মেৰামতি কৰিবলৈ লঁওতে সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো।
জানিব পৰা মতে, চিমেন কৈৱৰ্ত গাঁৱৰ নিতুল দাস নামৰ লোকজনৰ পানী খোৱা পকী কুঁৱাটো কেবাদিনো ধৰি ব্যৱহাৰৰ অনুপযোগী হৈ আছিল। কুঁৱাটোৰ পৰা পানী যোগান ধৰিবলৈ বিজুটি হৈ থকা বৈদ্যুতিক যন্ত্ৰপাতি মেৰামতি কৰিবলৈ তললৈ নামি যায় চিমেন চাপৰিৰ নতুন ৰংপুৰীয়া গাঁৱৰ সোনাৰাম নাৰ্জাৰীৰ পুত্ৰ তথা ৰাজমিস্ত্ৰী উপেন নাৰ্জাৰী।
প্ৰায় ৩৪ ফুট গভীৰতা থকা কুঁৱাটোৰ অভ্যন্তৰলৈ গৈ পোৱাৰ পিছত অক্সিজেনৰ অভাৱত উপেন নাৰ্জাৰীয়ে উশাহ- নিশাহ লোৱাত কষ্ট অনুভৱ কৰে।
মিস্ত্ৰীগৰাকীক বিপদৰ পৰা বচাবলৈ কুঁৱাৰ মালিক নিতুল দাসেও তললৈ নামি যায়। তেন্তে অৱস্থাতে দুয়োগৰাকীয়ে কৰুণভাৱে মৃত্যুক আকোৱালি ল’বলগা হয়।
অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।
ইয়াৰ পাছতে জোনাই আৰু চিলাপথাৰৰ পৰা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ জোৱানে উপেন নাৰ্জাৰী(৩২) আৰু নিতুল দাস(৩০ )ৰ মৃতদেহ উদ্ধাৰ কৰে।
মৰ্মান্তিকভাৱে ঘটনাটোৰ ফলত চিমেন চাপৰি কৈৱৰ্ত গাঁৱৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে