এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে ডিফুৰ সাংবাদিক ৰাজীৱ মেচে…

May 23, 2021 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত মৃত্যুক সাৱটিলে ডিফুৰ সাংবাদিক ৰাজিৱ মেচে।

শনিবাৰে নিশা ডিলাইৰ পৰা নিজৰ গাডী়ৰে ডিফু গৃহাভিমুখে আহি থকাৰ সময়তে পথৰ দাঁতিত ৰখাই থােৱা এখন ট্ৰাকক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত মেচৰ গাড়ীখন সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয়।

ইফালে স্থানীয় লোকে উদ্ধাৰ অভিযান চলোৱাৰ লগতে আৰক্ষী আৰু সৰ্তীথ সাংবাদিকক খবৰ দিয়াত তেওঁক লগে লগে ডিফু অসামৰিক চিকিতসালয়লৈ অনা হয় যদিও শাৰীৰিক অৱস্থা সংকটজনক হোৱাত পুৱতি নিশাই তেওঁক ডিমাপুৰৰ চিকিতসালয়লৈ স্থানান্তৰ কৰা হয়।

কিন্তু দেওবাৰে দুপৰীয়া ডিমাপুৰত চিকিতসালয়তে মৃত্যুক আকোৱালি লয় ৰাজিৱ মেচে।

প্ৰায় ৪৫বছৰীয়া ৰাজীৱ মেচে কিছুদিন আগলৈকে অসমীয়া প্ৰতিদিনৰ ডিফুৰ সাংবাদিকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ এটি বিশেষভাৱে সক্ষম শিশুৰ লগতে শিক্ষয়ত্ৰী পত্নীক এৰি থৈ যায়।

ইতিমধ্যে নাগালেণ্ড অভিমুখী NL07A-9129নম্বৰৰ ট্ৰাকখন ঘটনাস্থলীৰ পৰা ডিফু আৰক্ষীয়ে জব্দ কৰিছে।

লগতে চাওকঃ

DRDO ৰ ক’ভিড প্ৰতিৰোধী ঔষধ 2DG ৰ উদ্ভাৱনৰ সৈতে জড়িত অসমৰ এগৰাকী জীয়ৰী