এক শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত মাতৃ-কন্যা আৰু জোঁৱায়েক…

February 14, 2022 0 By NEWS DESK

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত মাতৃ-কন্যা-জোঁৱায়েক।

মৰিয়নীৰ ধোদৰ আলিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুই বিপৰীত দিশৰ পৰা অহা টাটা ছুম’ আৰু স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

এই সংঘৰ্ষৰ ফলতে স্কুটী আৰোহী তিনিওগৰাকীৰ ঠাইতে মৃত্যু হয়।

মৃত ব্যক্তি সকল ক্ৰমে নগাধূলি চাহ বাগানৰ সুৰেশ তাঁতী (মদন), দোলোজান গেলাপানী গাঁওৰ তেওঁৰ শাহু-মা ৰেণু তাছা, খুলশালী মৰমী তাছা।

জানিব পৰা অনুসৰি নাগালেণ্ডৰ ডীমাপুৰৰ পৰা মূককচাং অভিমুখে আহি আছিল টাট ছুম’ খন।

সেই সময়তে জোঁৱাইয়ে শাহু মাক আৰু খুলখালীক ঘৰলৈ থবলৈ গৈ থকা অৱস্থাতে টাটা ছুম’ খনৰ সৈতে সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোৰ পাছতে উত্তেজিত ৰাইজে দীৰ্ঘসময় ধৰি তিতাবৰ মৰিয়নীৰ ধোদৰআলি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে, ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় স্থানীয় বিধায়ক ৰূপজ্যােতি কুৰ্মীৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াসকল।

বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আশ্বাস অনুসৰি মৃতকৰ পৰিয়াললৈ উচিত ক্ষতিপূৰণ আদায়ৰ প্ৰস্তুতি দিয়াৰ লগতে দুৰ্ঘটনা ৰােধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লােৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে প্ৰতিবাদকাৰীসকলে পথ অৱৰােধ স্থগিত কৰে।

লগতে চাওকঃ

আত্মীয়ৰ নতুন স্কুটী চলাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু মেধাৱী ছাত্ৰৰ

ভেলণ্টাইন ডে’ৰ দিনাই ঢাবাৰ পৰা গ্ৰেপ্তাৰ প্ৰেমিক যুগলক!