এখন ঐতিহাসিক দলং সংৰক্ষণৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধায়ক অখিল গগৈৰ…

June 15, 2021 0 By Biraj Kalita

এখন ঐতিহাসিক দলং সংৰক্ষণৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

১৯৩৫ চনতে বৃটিছে নিৰ্মাণ কৰা শিৱসাগৰৰ এখন দলং জহি-খহি যোৱাৰ উপক্ৰম হৈছে৷

যাৰ বাবে উক্ত দলংখন মেৰামতি কৰি সংৰক্ষণৰ দিহা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে বিধায়ক গৰাকীয়ে।

পত্ৰখনত গগৈয়ে লিখিছে- শিৱসাগৰ নগৰৰ মাজেৰে যোৱা পুৰণি আছাম ট্ৰাংক ৰোডৰ আমগুৰিঘাটৰ দিখৌ নৈৰ ওপৰত ১৯৩৫ চনতে ব্ৰিটিছ ব্ৰাইট এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰা দলংখন সম্প্ৰতি প্ৰায় জহি-খহি গৈছে। সেয়েহে বৃটিছে সাজি থৈ যোৱা এই ঐতিহাসিক দলংখন মেৰামতি কৰাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে বিধায়ক অখিল গগৈয়ে।