এখন ঘৰৰে একেদিনাই দুগৰাকীকৈ মহিলা নিৰুদ্দেশ

July 19, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। এক ৰহস্যজনক ঘটনা। এখন ঘৰৰে দুগৰাকীকৈ মহিলা নিৰুদ্দেশ।

এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ হাজোত।

একেদিনাই দুগৰাকীকৈ মহিলা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, এই মহিলা দুগৰাকীৰ ঘৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত কলিতাকুছিৰ বামুনবড়ী গাঁৱত।

১৪ জুলাইত পৰা নিৰুদ্দেশ হৈ আছে দুই মহিলা।

জানিব পৰা মতে, উক্ত দিনা ৰাতিপুুৱা ৭ বজাত জাহেৰ আলীৰ ঘৰৰ পৰাই তিনি সন্তানৰ মাতৃ তথা কলিতাকুছিৰ বামুনবড়ীৰ নিবাসী হাছনা বিবি নিৰুদ্দেশ হৈ আছে।

ইপিনে, একেদিনাই ককায়েক ছফিকুৰ ৰহমানৰ পত্নী ৰোছনা বেগম দিনৰ ৯.৩০ বজাত ঘৰৰ পৰা বজাৰ কৰিবলৈ গৈ নিখোজ হয়।

উল্লেখযোগ্য যে ৰোছনা বেগমে লগত চৈধ্য হাজাৰ টকা, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড আদি যাৱতীয় নথিপত্ৰ লগত লৈ যোৱাৰ লগতে হাছনা বিবিয়ে লগত ত্ৰিশ হাজাৰ টকা লৈ উধাও হৈছে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে হাজো আৰক্ষী থানাত দুখন নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰিছে।

উল্লেখ়যোগ্য যে নিৰুদ্দেশ হোৱা মহিলা দুগৰাকী পূৰ্বেও দুবাৰ কৈ নিৰুদ্দেশ হৈছিল।

তদুপৰি মহিলাদুগৰাকীয়ে নিজ সন্তানক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ নিজ সন্তানে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে উচিত তদন্ত বিচাৰি হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰো কাষ চাপে।