এখন বাইকত উঠি যাত্ৰা ৩ যুৱকৰ, দুৰ্ঘটনাত নিহত ১- আহত ২

October 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পথ দুৰ্ঘটনা।

থিতাতে নিহত এজন যুৱক। আহত দুজনকৈ বাইক আৰােহী।

মাজ নিশা নাৰায়ণপুৰৰ মাজমজিয়াত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

এ এছ ০৭ আৰ ৫২১৬ নম্বৰৰ মটৰ চাইকেলখনেৰে নিশা প্ৰায় ১.৩০ বজাত একেখন বাইকতে যাত্ৰা কৰিছিল তিনিজন যুৱক।

তিনি যুৱকৰ নাম মনজিল বৰা, অৰূপজ্যোতি চেকনীধৰা আৰু নয়নজ্যোতি দুৱৰা।

ইয়াৰে মনজিল বৰা নামৰ যুৱকজন থিতাতে নিহত হয়।

গুৰুতৰভাৱে আহত হোৱা দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত যুৱকজনৰ মৃতদেহ নাৰায়ণপুৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে।