এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱকৰ নিৰুদ্দেশক লৈ চাঞ্চল্য, পৰিয়ালৰ মাজত হাহাকাৰ…

March 14, 2022 0 By Biraj Kalita

চিৰাঙৰ ছাতিপুৰ গাঁওৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক নিৰুদ্দেশ।

নিৰুদ্দিষ্ট যুৱকজনৰ নাম নিজাম উদ্দিন আলী।

চিৰাং জিলাৰ ঢালিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱৰ আব্দুল জুব্বাৰ আলীৰ পুত্ৰ মানসিকভাৱে বিকাৰগ্ৰস্ত নিজাম উদ্দিন আলী নামৰ যুৱকজন দেওবাৰে আবেলি প্ৰায় ২বজাৰ পৰা নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ লোকে বহুতো বিচাৰ খোচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই।

কোনো সদাশয় ব্যক্তিয়ে উক্ত নিৰুদ্দিষ্ট যুৱকজনৰ খবৰ পালে ৯৩৯৪৭-৭৮৭১৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জানাইছে।

উল্লখযোগ্য যে মানসিক বিকাৰগ্ৰস্ত যুৱক নিজাম উদ্দিন আলী ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত ফোনত বাৰ্তালাপ কৰোঁতে বৰপেটাত থকা বুলি জানিব পৰা গৈছিল।

কিন্তু পৰিয়ালৰ লোকে বৰপেটালৈ গৈও নিজাম উদ্দিনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল।