এগৰাকী শিক্ষয়িত্রীৰ চৰম সিদ্ধান্তঃ ছুইচাইড নোট লিখি দোষাৰোপ কৰিলে ৩ জন লোকক…
June 30, 2021এগৰাকী শিক্ষয়িত্ৰীয়ে বাছি ল’লে জীৱনৰ চৰম সিদ্ধান্ত।
নিজৰ ৰান্ধনী ঘৰতে চিপ লৈ আত্মহ্ত্যা কৰে দীপাঞ্জলি কাশ্যপ নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে।
দৰং জিলাৰ মঙলদৈ থানাৰ অন্তর্গত বালিপোতা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
এটি সন্তানৰ মাতৃ তথা ভূপেন হাজৰিকা জাতীয় বিদ্যালয় বালিপোতাৰ শিক্ষয়িত্রী দীপাঞ্জলি কাশ্যপে ৰান্ধনী ঘৰত পিন্ধি থকা চাদৰেৰে চিপ লয়৷
আত্মহননৰ পূর্বে শিক্ষয়িত্রীগৰাকীয়ে ৩জনকৈ ব্যক্তিক দোষাৰোপ কৰি ৰঙা চিয়াঁহীৰে ছুইচাইড নোট লিখি থৈ গৈছে।
বালিপোতা গাঁৱৰ মহেন্দ্র ভাগৱতীৰ পত্নী দীপাঞ্জলি কাশ্যপে সন্ধিয়া ঘৰত মানুহ নথকাৰ সুযোগ গ্রহণ কৰি নিজৰ পাকঘৰত চাদৰেৰে চিপ লোৱা স্বামীয়ে প্রত্যক্ষ কৰে৷
ভাগৱতীয়ে লগে লগে ৰছী কাটি মহিলাগৰাকীক দেওমৰনৈ চিকিৎসালয়লৈ লৈ যায়৷ কিন্তু চিকিৎসালয়ত চিকিৎসকে দীপাঞ্জলি কাশ্যপক মৃত ঘোষণা কৰে৷
ঘটনা সন্দৰ্ভত দীপাঞ্জলিৰ স্বামী মহেন্দ্র ভাগৱতীয়ে শিক্ষয়িত্রীগৰাকীয়ে লিখি থৈ যোৱা ছুইচাইড নোট উদ্ধাৰ কৰি মঙলবাৰে আবেলিৰ ভাগত তিনিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
দীপাঞ্জলিয়ে মৃত্যুৰ সময়ত সপ্তম শ্রেণীত অধ্যয়ন কৰি থকা পুত্র সন্তানসহ স্বামী শাহু-শহুৰৰ লগতে আত্মীয়-স্বজনক এৰি থৈ গৈছে৷