এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত অসমৰ শিৱ থাপা…

May 29, 2021 0 By Biraj Kalita

ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত শুকুৰবাৰে নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ল অসম সন্তান শিৱ থাপাই৷

দুবাৰৰ অলিম্পিয়ান গুৱাহাটীৰ বক্সাৰগৰাকীয়ে শুকুৰবাৰে ডুবাইত অনুষ্ঠিত ছেমি ফাইনেলত সহজ জয় সাব্যস্ত কৰে৷

ভাৰতৰ ডিফেণ্ডিং চেম্পিয়ন তথা অসম সন্তান শিৱ থাপাই 64 কেজিৰ শাখাৰ ছেমি ফাইনেলত শীৰ্ষ স্থানপ্ৰাপ্ত ডিফেণ্ডিং চেম্পিয়ন তাজাকিস্তানৰ বুখডাছ উচমোনোভক 4-0 পইন্টত ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰে।

শিৱ থাপাৰ লগতে ভাৰতীয় দলৰ আন এজন ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালেও ফাইনেলত প্ৰৱেশ কৰে ৷ অমিত পাংঘালে ৫২ কেজিৰ শাখাত কাজাখাস্তানৰ চাকেন বিবচিনোভক ৫-০ পইন্টত পৰাস্ত কৰে।

আনহাতে প্ৰতিযোগিতাখনৰ মহিলা শাখাত ছয়বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা ভাৰতীয় বক্সাৰ মেৰী কমেও ফাইনেলত প্ৰৱেশ কৰে৷

মেকী কমে মংগোলিয়াৰ লুটাচাইখান আলটান্টছেগক 4-1 পইন্টত পৰাস্ত কৰে৷

প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ভাৰতীয় বক্সাৰ তথা অসমৰ লাভলীনা বৰগোঁহাই৷