এছিয়ান বক্সিং চেম্পিয়নশ্বীপত ৰূপতে ক্ষান্ত মেৰী কম, আজি ৰিঙত নামিব শিৱ থাপা…

May 31, 2021 0 By Biraj Kalita

এছিয়ান বক্সিং চেম্পিয়নশ্বীপত ৰূপৰ পদকতে ক্ষান্ত থাকিল মেৰী কম।

ডুবাইত চলি থকা প্রতিযোগিতাখনৰ দেওবাৰে অনুষ্ঠিত ৫১ কেজি ইভেণ্টৰ ফাইনেলত মণিপুৰী বক্সাৰগৰাকীক কাজাখস্তানৰ নাজিম কাইজাইবে’ই ৩–২ৰ ব্যৱধানত পৰাস্ত কৰি স্বর্ণ পদক অর্জন কৰিবলৈ সক্ষম হয়৷

ডুবাইৰ আইবা এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বীপৰ ৫১ কেজি শাখাত মেৰী কমে ৰূপৰ পদক লাভ কৰি পুনৰবাৰ উজলালে দেশ তথা উত্তৰপূৱৰ নাম।

উল্লেখ্য যে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মেৰী কমৰ এয়া সপ্তমটো পদক৷ ইয়াৰ পূর্বে তেওঁ প্রতিযোগিতাখনত ৫টা স্বর্ণ অর্জন কৰিবলৈ সক্ষম হৈছিল৷

২০০৩ চনত প্ৰথমবাৰৰ বাবে এছিয়ান বক্সিঙত পদক লাভ কৰিছিল মেৰী কমে। এছিয়ান বক্সিঙতেই ষষ্ঠটো সোণৰ পদক লাভ কৰিছিল উত্তৰপূৱৰ বক্সাৰগৰাকীয়ে।

ইফালে, আজি অসম সন্তান শিৱ থাপাকে ধৰি ভাৰতৰ তিনিগৰাকী পুৰুষ বক্সাৰে এছিয়ান বক্সিঙৰ ফাইনেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

৬৪ কেজি ফাইনেলত শিৱ থাপাৰ প্রতিদ্বন্দ্বী হ’ব এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী মংগোলীয়াৰ বাটাৰছুক চিনজ’ৰিগ৷