এটি ক্ষুদ্ৰ শিলত সুধাকণ্ঠৰ ছবি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম লিপিবদ্ধ সূৰুযৰ…
May 29, 2021সুধাকণ্ঠৰ প্ৰতিকৃতি অংকন কৰি ৰাজ্যিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে এগৰাকী যুৱকে।
৩.৫ চেণ্টিমিটাৰ ×৭ চেণ্টিমিটাৰ জোখৰ এটি ক্ষুদ্ৰ শিলত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ সূৰুয বৰকটকীয়ে।
কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰীধাৰী সূৰুযে শৈশৱৰে পৰাই নিজস্ব সাধনাৰে বিভিন্ন চিত্ৰ অংকন কৰি আহিছে।
বিভিন্ন বিষয়ৰ লগতে স্বনামধন্য শিল্পী-সাহিত্যিকৰ প্ৰতিকৃতি অংকন কৰি সূৰুযে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
চিত্ৰ কলাৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ সূৰুযে অব্যাহত ৰাখিছে নিজস্ব সাধনা।
শেহতীয়াকৈ ক্ষুদ্ৰ শিলত চিত্ৰ অংকন কৰি অভিলেখ গঢ়া সূৰুয বৰকটকীক শুভেচ্ছা জনাইছে সকলোৱে।