এতিয়াৰ পৰা অসমীয়া ভাষাত ভাৰতীয় এপ Kooindia, উপলব্ধ হ’ব ৰাজ্যৰ চৰকাৰী তথ্য…
June 16, 2021এতিয়াৰ পৰা অসমীয়া ভাষাত উপলব্ধ হ’ব ভাৰতীয় এপ Koo।
দেশীয় মাইক্ৰ’ব্লগিং ছাইট Kooত উপলব্ধ হ’ব চৰকাৰ সম্বন্ধীয় তথ্য।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬ জুন অৰ্থাৎ বুধবাৰৰ পৰা ভাৰতীয় মাইক্ৰ’ব্লগিং ছাইট Kooত অসমীয়া ভাষাত চৰকাৰী তথ্য শ্বেয়াৰ কৰাৰ কথা প্ৰকাশ কৰিছে।
বুধবাৰৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো চৰকাৰী তথ্য অসমীয়া ভাষাত এই মাইক্ৰ’ব্লগিং ছাইটৰ জৰিয়তে নাগৰিকসকলৰ সৈতে শ্বেয়াৰ কৰিব।