এদিন বিবাহ ভৱনত পৰিণত হ’ব বুলি মন্তব্য কৰা অগপৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হিমন্ত বিশ্ব শৰ্মা…

May 25, 2021 0 By Biraj Kalita

সোমবাৰে চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অসম বিধান সভাৰ পৰা পোনে পোনে অসম গণ পৰিষদৰ কাৰ্য্যালয়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকী।

দলটোৰ নেতৃত্বৰ লগতে বিভিন্ন স্তৰৰ বিষয়ববীয়া আৰু সদস্যসকলে বিপুল বাৱে আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক।

মুখ্যমন্ত্ৰী উপস্থিতিৰ সময়ত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাঃ কমলাকান্ত কলিতা আদি উপস্থিত থাকে।

সভাপতি অতুল বৰাই মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে মিত্ৰতাৰ ৰাজনীতিৰ বিশ্বাসযোগ্যতাক অধিক দৃঢ় কৰিলে বুলি মতপোষণ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঐক্যবদ্ধ ভাৱে ৰাজ্যখনৰ স্বাৰ্থত আত্মনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰে। দলীয় দৃষ্টিকোণ সুকীয়া হ’লেও অসমৰ স্বাৰ্থত আমি ঐক্যবদ্ধ বুলি মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ়মত পোষণ কৰে।

উল্লেখ্য যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই অগপৰ কাৰ্যালয়তো এদিন বিবাহ ভৱনলৈ পৰিণত হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল।