এনকাউণ্টাৰঃ আৰক্ষীৰ গুলীত আহত ATM চোৰ দিলোৱাৰ হুচেইন…

July 27, 2021 0 By Biraj Kalita

পুনৰ অভিযুক্তলৈ গুলী অসম আৰক্ষীৰ।

হোজাইৰ যমুনামুখত আজি পুৱা সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা৷

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত অভিযুক্ত ATM চোৰ দিলোৱাৰ হুছেইন।

ATM চুৰি গোচৰত লংকাবামুণ গাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিলোৱাৰক।

দিলোৱাৰক লগত লৈ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল যমুনামুখলৈ।

আৰক্ষীৰ মতে যমুনামুখ চাংজুৰাইত আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলিয়াই আহত কৰে দিলোৱাৰক।

জানিব পৰা মতে, যমুনামুখৰ চাংজুৰাই গাওঁ পাওঁতেই অভিযুক্ত দিলুৱাৰে শৌচ লগা বুলি কৈছিল আৰক্ষীয়ে তাক শৌচ কৰাবলৈ তাতে এডোখৰ নিৰ্জন ঠাইত নমাই দিছিল। তেনে সময়তে অভিযুক্ত দিলুৱাৰে আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা চলাইছিল আৰু গুলীবিদ্ধ হয়৷

আহত দিলুৱাৰ হুছেইন নামৰ অভিযুক্ত গৰীকী বৰ্তমানে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

দুয়োটা ভৰিত গুলী লগিছে অভিযুক্ত দিলোৱাৰৰ।