এনকাউণ্টাৰ! অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত কনলদ্বীপ সিং সিদ্ধু আৰক্ষীৰ গুলীত নিহত…
July 2, 2021ব্যৱসায়ী অজিত দাস অপহৰণৰ মূল অভিযুক্ত কনলদ্বীপ সিং সিদ্ধু আৰক্ষীৰ গুলীত নিহত।
শুক্ৰবাৰে অভিযুক্ত সিদ্ধুক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
গ্ৰেপ্তাৰৰ কৰি গাড়ীৰে আনি থকা অৱস্থাতে অভিযুক্ত সিদ্ধুৱে আৰক্ষীৰ বন্দুক কাঢ়ি গুলীচালনা কৰি পলাবলৈ চেষ্টা কৰে।
লগে লগে আৰক্ষীৰ দলে সিদ্ধুলৈ গুলীচালনা কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়।
কাৰ্বি আংলং জিলাৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ ওচৰত সংঘটিত হৈছে এই ঘটনাটো।
ততাতৈয়াকৈ সিন্ধুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় অভিযুক্ত সিন্ধুৰ।
আনহাতে সিদ্ধুৰ আক্ৰমণত আহত হোৱা আৰক্ষীৰ লোক কেইজনকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
টুইটাৰযোগে এই কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
The incident took place near Doldoli Reserve forest in Karbi Anglong district. The police party of @karbianglongpol is also being given medical attention.
— GP Singh (@gpsinghassam) July 2, 2021