এনকাউন্টাৰত নিহত NLFB জিলা কামাণ্ডাৰ জিপ্ৰিয়ুছ নাৰ্জাৰী…
July 13, 2021আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত এম বাথাৰ সহযোগী NLFBৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী।
ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ডিমাচাঙ অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত NLFB জিলা কামাণ্ডাৰ জিপ্ৰিয়ুছ নাৰ্জাৰী ওৰফে এন জংখাল।
পুৱতি নিশা অসম অৰুণাচল সীমান্তৱৰ্তী দিমাচাঙৰ ২ নং অন্থাইবাৰীত আৰক্ষীয়ে চলাইছিল অভিযান।
নিহত NLFBৰ নেতা জনৰ পৰা এটা পিষ্টল, গোলা বাৰুদ আৰু ১১ জাই গুলী উদ্ধাৰ হয়।
লগতে মানি বেগ, আপত্তি জনক নথি পত্ৰ, তিনিটা মবাইল, এখন ডাইৰি উদ্ধাৰ হৈছে।
নিহত উগ্ৰপন্থীজন বাতৰি অনুসৰি এনডিএফবি (এছ)ৰ প্ৰাক্তন দুৰ্ধৰ্ষ বিদ্ৰোহী নেতা এম বাথাৰ ডেপুটি আছিল।
বাথাই তৃতীয়খন বড়ো শান্তি চুক্তিৰ পাছত পুনৰ জংঘললৈ ঘুৰি গৈ এন এল এফ বিৰ মুৰব্বী হৈছিল আৰু বড়ো অঞ্চলত কেইবাটাও ধন দাবী সম্পৰ্কীয় ঘটনাত জড়িত আছিল।