এনড্ৰইড ম’বাইল নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত ল’লে এজন ১৬ বছৰীয়া কিশোৰে

June 30, 2021 0 By Biraj Kalita

এক চাঞ্চল্যকৰ ঘটনা!

এনড্ৰইড ম’বাইল কিনি দিব নোৱাৰাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত ল’লে এজন ১৬ বছৰীয়া কিশোৰে।

চিচিবৰগাঁৱৰ সমীপৰ গড়মৰা ৰহঢলা গাঁৱৰ বন্তিবালা ভূঞাৰ একমাত্ৰ পুত্ৰ হৰি ভূঞাই এনড্ৰইড ম’বাইল নোপোৱাৰ বাবেই সোমবাৰে নিশা নিজৰ কোঠাতে চিপজৰী লৈ আত্মহত্যা কৰে।

উল্লেখ্য যে, হৰি ভূঞাই দীৰ্ঘদিনৰ পৰা মাকক এটা এনড্ৰইড ম’বাইল ফোন কিনি দিয়াৰ দাবী কৰি আহিছিল।

কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলৰ অতি দুখীয়া মাতৃৰ বাবে পুত্ৰক দামী ম’বাইল ফোন কিনি দিয়াটো সহজ নাছিল।

কিন্তু পুত্ৰ হৰিক বুজাব নোৱাৰী মাতৃয়ে তেওঁৰ নিৰ্মীয়মান PMAY গৃহৰ ধন সোমালেই পুত্ৰক ম’বাইল এটা কিনি দিয়াৰ কথাও দিছিল।

যোৱা ২৬ জুনত মাতৃৰ একাউন্টত ধন সোমোৱাৰ কথা আছিল যদিও নোসোমাল।

যাৰ বাবে পুত্ৰই আৰু অপেক্ষা নকৰিলে।

ম’বাইল নোপোৱাৰ বাবেই সোমবাৰে নিশা নিজৰ কোঠাতে চিপজৰী লৈ আত্মহত্যা কৰে ১৬ বছৰীয়া কিশোৰজনে।