এপৰ জৰিয়তে ঋণ লৈ লাখ লাখ টকা অত্মসাৎ, ৪ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

December 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ম’বাইল এপৰ জৰিয়তে আনৰ নামত ভুৱা তথ্যপাতিৰে ঋণ লৈ আত্মসাৎ কৰা এটা চক্ৰ উৎখাত কৰিছে মৰিগাঁও আৰক্ষীয়ে।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কছাৰবড়ি গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে ৪ চাইবাৰ অপৰাধীক।

আটকাধীন অপৰাধীকেইটাৰ নাম হ’ল খাইৰুল ইছলাম, চাদিকুল ইছলাম, তবিবুল হুছেইন আৰু আবুল কাশেম।

এই চাইবাৰ অপৰাধীকেইটাৰ পৰা আৰক্ষীয়ে দহটা ম’বাইল ফোন ১১৫খন ছিম কাৰ্ড, ১৯ খন আধাৰ কাৰ্ড, ১২ খন পান কাৰ্ড আৰু ৮ খন এটিএম কাৰ্ড উদ্ধাৰ কৰে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধৃত চাইবাৰ অপৰাধীকেইজনে আনৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন এপৰ জৰিয়তে ঋণ লৈ লাখ লাখ টকা আত্মসাৎ কৰি আহিছিল।