এম্বুলেন্সৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত যুৱকৰ মৃত্যু, গুৰুতৰভাৱে আহত ২

January 25, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ গাভৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চাউলখোৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এম্বুলেন্স আৰু বাইকৰ মুখমুখি সংঘৰ্ষ।

এই সংঘৰ্ষৰ ফলত বাইক আৰােহী ইদুল আলী নামৰ এজন যুৱক থিতাতে নিহত হয় আৰু আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

এ এছ ০৬ জেড ৩২৯০ নম্বৰৰ এখন বাজাজ পালছাৰৰ আৰোহী ইদুল আলী আৰু মিৰাজুল আলী।

বাইখনৰ সৈতে এ এছ ২৩ এ চি ৫৭৪৬ নম্বৰৰ এম্বুলেন্সৰ সংঘটিত হয় মুখামুখি সংঘৰ্ষ।

জানিব পৰা মতে, এম্বুলেন্সখনত কেইবাজনো ৰোগী আছিল আৰু চালকজন গুৰুতৰভাৱে আহত হয়।

দুয়োজন আহতক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

নিহত ইদুল আলীৰ ঘৰ চাউলখোৱাৰ ঘৰবন্দীচুকত বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

চলন্ত বাইকত লাভলীনাৰ ফটোৰ সম্বলিত আলোচনী পঢ়ি ষ্টাণ্ট কৰি চমক BSFৰ মহিলা জােৱানৰ