এম্বুলেন্সৰ সৈতে স্কুটীৰ মুখামুখি সংঘৰ্ষ, নিহত ১
October 16, 2021নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰৰ সমীপত পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু।
জানিব পৰা অনুসৰি, মৰণৰ দিশৰ পৰা ডিব্ৰুগড় দিশলৈ গৈ থকা এ এছ ০৪ এ চি ৪৬৫৬ নম্বৰৰ টাটা চুম’এম্বুলেঞ্চ আৰু ডিব্ৰুগড় দিশৰ পৰা মৰাণ দিশলৈ গৈ থকা নম্বৰ বিহীন এখন স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
এই সংঘৰ্ষৰ ফলত বিধ্বস্ত হৈ পৰে স্কুটীখন। লগতে গুৰুতৰভৱে আহত হয় স্কুটী আৰোহী তথা তিলৈবাৰী বঙালী গাঁৱৰ দণ্ডি নাথ বৰুৱাৰ পুত্ৰ ২৭ বছৰীয়া ৰুবুল বৰুৱা।
যুৱকজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও আদবাটতে মৃত্যু ঘটে।