এম জি এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বিডঅ’
July 11, 2021এম জি এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন বিডঅ’।
বৰাক উপত্যাকা কাটিগড়াৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চুজা হুছেইন লস্কৰক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ।
শনিবাৰে নিশা বিষয়াগৰাকীক হাইলাকান্দিস্থিত বাসভৱনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে ঘৰত তালাচী অভিযান চলাই বিভিন্ন নথি-পত্ৰ জব্দ কৰে।
উন্নয়ন খণ্ডৰ জৰিয়তে ৰূপায়ন হব লগা প্ৰধানমন্ত্ৰী গ্ৰাম্য ৰোজগাৰ যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি বিভিন্ন আচঁনিৰ নামত দুৰ্নীতি সংঘটিত কৰা বুলি তেওঁৰ বিৰুদ্ধে পূৰ্বৰে পৰাই অভিযোগ আছিল।
উল্লেখ্য যে যোৱা কেইদিনমান পূৰ্বে হুছেইনৰ বিৰুদ্ধে কাটিগড়া থানাত ৪ টাকৈ গোচৰ ৰুজু হৈছিল।
এই গোচৰৰ ভিত্তিতে খণ্ড উন্নয়ন বিষয়াজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।
বৰ্তমান কাটিগড়া থানাতে শীৰ্ষ আৰক্ষী বিষয়াই তেওঁৰ সোধা পোচা অব্যাহত ৰাখিছে।