এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ বাবে IPLত তাৰক ক্ৰিকেটাৰ ৰোহিত শর্মাই অভিনৱ পদক্ষেপ

April 11, 2021 0 By Biraj Kalita

এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ বাবে IPLত তাৰক ক্ৰিকেটাৰ ৰোহিত শর্মাই অভিনৱ পদক্ষেপ

এশিঙীয়া গঁড়ক সংৰক্ষণৰ বাবে বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰি অহা তাৰকা ক্রিকেটাৰগৰাকীয়ে যোৱানিশা ক্রিকেট লীগ IPLত বিশ্ববাসীৰ সন্মুখলৈ এক বিশেষ বার্তা কঢ়িয়াই আনে।

ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ বিৰুদ্ধে আই পি এলৰ উদ্বোধনী মেচত খেলপথাৰত নমাৰ সময়ত ৰোহিতে গঁড়ৰ ছবি সম্বলিত এযোৰ বিশেষ জোতা পৰিধান কৰে৷

সোঁভৰিত পৰিধান কৰা জোতাযোৰত স্পষ্টকৈ লিখা আছিল ‘ছেভ দ্য ৰাইনো’৷

 গঁড় সংৰক্ষণক লৈ ৰোহিত শর্মাৰ এই অভিনৱ পদক্ষেপক ভূয়সী প্রশংসা কৰিছে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেনে৷

লগতে চাওকঃ

অঘটন! পুনৰ গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কৰ্তব্যৰত বনৰক্ষীয়ে