এসপ্তাহ ধৰি কােনাে শুংসূত্ৰ নাই ৩ নিৰুদ্দিষ্ট যুৱকৰ, পৰিয়ালত হাহাকাৰ

September 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এসপ্তাহ উকলি যােৱাৰ পাছতে কােনাে সন্ধান নাই লেজাইৰ তিনিচুকীয়া গাঁৱৰ তিনি যুৱকৰ।

ইয়াকে লৈ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ তথা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাই তিনিচুকীয়াৰ তিনিজনকৈ যুৱক যোৱা ২০ ছেপ্টেম্বৰৰ পুৱাৰ পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ লোকে যুৱককেইজন কোনোধৰণৰ সন্ধান নাপাই আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে তদন্ত কৰি কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই যুৱককেইজনৰ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে লেজাই তিনিচুকীয়া গাঁৱৰ কুমুদ সোণোৱালৰ ১৮ বছৰীয়া পুত্ৰ সুমন সোণোৱাল, নৰেণ সোণোৱালৰ ১৭ বছৰীয়া পুত্ৰ সঞ্জয় সোণোৱাল আৰু হেমন্ত সোণোৱালৰ ২৬ বছৰীয়া পুত্ৰ কমল সোণোৱাল তিনিও একেলগে সোমবাৰে পুৱা ওলাই যোৱাৰ পৰাই সন্ধানহীন হৈ আছে।

ইয়াৰে কমল সোণোৱালে শিক্ষা শেষ কৰিছে যদিও বাকী দুই যুৱকে কলেজীয়া ছাত্ৰ।

সমগ্ৰ ঘটনালৈ তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী জানিবলৈ দিছে।

আৰক্ষীয়ে এতিয়ালৈকে ঘটনাকলৈ কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।