এৰাল দিয়া গৰুক খুন্দিয়াই দুৰ্ঘটনাত পতিত বাইক

September 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পথত মুক্তভাৱে বিচৰণ কৰা পশুধনৰ বাবে সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা। এনে দুৰ্ঘটনাত পশুধনৰ হতাহত হােৱাৰ লগতে প্ৰাণ হেৰুৱাইছে বহু লােকে।

কামৰূপ জিলাৰ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক অনুৰূপ দুৰ্ঘটনা।

এৰাল দিয়া গৰুৰ কাৰণে সংঘটিত হ’ল বাইক দুৰ্ঘটনা।

ৰঙিয়াৰ সমীপৱৰ্তী মৰাণজানত সংঘটিত হয় এক পথদুৰ্ঘটনা।

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল বাছ, নিহত ৬

জানিব পৰা মতে, বাক্সা জিলা নিবাসী মদন সৰকাৰ নামৰ লোকজনে আমিনগাঁৱৰ চিমেণ্ট কোম্পানীৰ পৰা কৰ্তব্য সমাপ্ত কৰি নিজা বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাতে মৰাণজান চ’কত এটা এৰাল দিয়া গৰু বাইকৰ আগেৰে দৌৰ মৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে।

ফলত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকজনক লগে লগে ৰঙিয়া আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিভিল হাস্পতালত ভৰ্তি কৰাই।

লগতে চাওকঃ

ৰে’লৱে ক্ৰ’চিঙত চলন্ত ৰে’লৰ সন্মুখত থিয় দিলে এগৰাকী যুৱতীয়ে, তাৰ পাছত ঘটিল এই ঘটনা…