ঐতিহাসিক শিৱ মন্দিৰত চুৰিকাৰ্য
October 7, 2021নিউজ ডেস্ক। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিৱপুৰৰ ঐতিহাসিক শিৱমন্দিৰত চুৰিকাৰ্য।
মঙলবাৰে নিশা বৰষুণৰ সুযোগ লৈ চােৰৰ চাফাই অভিযান।
জানিব পৰা মতে, মন্দিৰৰ ওচৰত থকা এমপ্লিফায়াৰ আৰু দুটা চাউণ্ড বক্স লৈ যোৱা বুলি সন্দেহ কৰে মন্দিৰৰ পূজাৰীয়ে।
উক্ত চােৰে মন্দিৰৰ ভিতৰত থকা বাকচৰ পৰা কিছু সোণ-ৰূপ লৈ যোৱাৰো সন্দেহ প্ৰকাশ কৰে একাংশ লোকে।
উল্লেখ্য যে অভয়াপুৰীৰ শিৱপুৰৰ এই ঐতিহাসিক শিৱমন্দিৰটোত পূৰ্বে প্ৰায় ৩-৪ বাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছিল।