ওদালগুৰিত আৰক্ষীৰ জালত ৭ গৰাকী NLFB কেডাৰ…

May 25, 2021 0 By Biraj Kalita

ওদালগুৰিত ৭ গৰাকী NLFB কেডাৰ গ্ৰেপ্তাৰ।

ধৃত সদস্য কেইগৰাকী ক্ৰমে ৰবীন্দ্ৰ বসুমতাৰী(১৯), বৰ্ণবাছ বসুমতাৰী(৩৪), পাউল গয়াৰী(৩২), কুন্দন সিং(৪১), প্ৰসেন দৈমাৰী(৩৬), চানিকু দৈমাৰী(২৫) আৰু ৰাজেন্দ্ৰ বসুমতাৰী(৩০)।

দেওবাৰৰ পৰা আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় আটাইকেইজন কেডাৰ।

ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী ভৈৰৱপুৰ, জামুগুৰি, ১ নম্বৰ গৰৈবাৰী, ওদালগুৰি আৰু হৰিশিঙাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা লোককেইজন নতুনকৈ গঠন হোৱা NLFB সশস্ত্ৰ সংগঠনৰ কেডাৰ বুলি দাবী কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছে কেইৱাটাও মোৱাইল ফোনসহ বহুকেইখন ছিমকাৰ্ড।

লোককেইজনে বিভিন্ন স্থানত ধনদাবী কাৰ্যত জৰিত থকাৰ দাবী কৰে আৰক্ষীয়ে।

লগতে চাওকঃ

বিদ্ৰোহী সংগঠনৰ হৈ ‘গৃহ কৰ’ তুলিবলৈ অহা তিনিজনক আটক সেনাৰ