কংগ্ৰেছত আন এক আঘাত, এইবাৰ জুৰি শৰ্মা বৰদলৈয়ে এৰিলে কংগ্ৰেছ…

June 18, 2021 0 By Biraj Kalita

কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত।

এইবাৰ কংগ্ৰেছ এৰিলে জুৰি শৰ্মা বৰদলৈয়ে।

জুৰি শৰ্মা বৰদলৈৰ সংবাদমেল পাতি পদত্যাগ কংগ্ৰেছৰ পৰা। 

হোটেল গেটৱে গ্ৰেণ্ডৱেত সংবাদ মেল পাতি ৰাজহুৱাকৈ পদত্যাগ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে।

কংগ্ৰেছৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভানেত্ৰী আছিল জুৰি শৰ্মা।

ৰাহুল গান্ধীৰ নেতৃত্বক দোষাৰোপ কৰি তেওঁ কয়- ‘মই কংগ্ৰেছৰ পৰা বহুত পালো , দীৰ্ঘদিন কংগ্ৰেছৰ লগত থাকিলো, হিতেশ্বৰ শইকীয়া আদৰ্শৰে চলিছিলো। কিন্তু বৰ্তমানে কংগ্ৰেছত কংগ্ৰেছৰ পূৰ্বৰ আদৰ্শ নোহোৱা হৈছে।’

ৰাহুল গান্ধী যোগ্য নেতা নহয় বুলি মন্তব্য কৰে জুৰি শৰ্মা বৰদলৈয়ে।

লগতে তেওঁ কয়- ‘ৰাহুল গান্ধীৰ দৰে নেতা সাধাৰণ জনতাই ভাল পোৱা নাই। যাৰ বাবেই ৰাইজ আতৰি গৈছে। আজিলৈকে কোনো এক নিৰ্বাচনতেই দলক জয়ৰ মুখ দেখুৱাবলৈ সক্ষম হোৱা নাই নেতাগৰাকীয়ে। ৰাজীৱ গান্ধীৰ দৰে ৰাহুল গান্ধী হ’ব নোৱাৰে।

কংগ্ৰেছৰ পৰা এতিয়া পাব লগীয়া একো নাই। কেৱল নিজৰ স্বাৰ্থৰ বাবেহে কাম কৰে কংগ্ৰেছ নেতৃত্বই ৷ দুমুখীয়া ৰাজনীতি কৰি ৰাইজক বিপথে পৰিচালিত কৰিছে বুলিও মন্তব্য নেত্ৰী গৰাকীৰ।

আনহাতে ৰূপজ্যোতি কুৰ্মীয়ে দল ত্যাগ সন্দৰ্ভত কয়- ‘কংগ্ৰেছৰ এজন অন্যতম শক্তিশালী নেতা হোৱাৰ পিছতো আজি কংগ্ৰেছ এৰিবলৈ বাধ্য হৈছে ৰূপজ্যোতি কুর্মী। যিয়ে সকলো সময়তে বিৰোধী আসনত বহি মন্ত্ৰীক বিভিন্ন সময়ত শলঠেকত পেলাইছিল ,সেই নেতাই আজি দলত্যাগ কৰিছে।