মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ ৰাজীৱ লোচন পেগুৰ…

July 6, 2021 0 By Biraj Kalita

মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে ৰাজীৱ লোচন পেগুৱে।

প্ৰদেশ কংগ্ৰেছলৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে পেগুৱে।

নিৰ্বাচনত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পেগুৰ এই সিদ্ধান্ত।

উল্লেখ্য যে, ২০১৬ৰ বিধানসভাৰ নিৰ্বাচনত ৯৯ নং মাজুলী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সৰ্বানন্দ সোণোৱালে কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰিয়েই সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ২০২১ ৰ নিৰ্বাচনত পুনৰ সোণোৱালে পেগুক পৰাস্ত কৰি অসম বিধানসভালৈ নিৰ্বাচিত হয়।