কংগ্ৰেছ-AIUDF ৰ পৰা বিজেপিলৈ অহা সকলৰ শুদ্ধি হৈছেঃ বিজয়া চক্ৰৱৰ্তী

November 9, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিজেপিৰ বিৰােধী দল কংগ্ৰেছ তথা AIUDF দলত দলত্যাগৰ যেন ধুম উঠিছে। কংগ্ৰেছ-AIUDF ৰ নেতা-কৰ্মীৰ লগতে আনকি নিৰ্বাচনত জয়ী হৈ বিধায়ক হােৱা নেতাসকলেও দলত্যাগ কৰি বিজেপিলৈ গমন কৰিছে।

এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ।

বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ মতে, কংগ্ৰেছ বা এআইইউডিএফৰ পৰা বিজেপিলৈ আহি তেওঁলোকৰ শুদ্ধি হৈছে।

ইমান দিনে অন্য দলত থাকি তেওঁলােকৰ শুদ্ধি হােৱা নাছিল বুলি মন্তব্য কৰে চক্ৰৱৰ্তীয়ে।