কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাৰ নামভৰ্তিৰ প্রৱেশ পৰীক্ষা বাতিল…
August 21, 2021কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাৰ নামভৰ্তিৰ প্রৱেশ পৰীক্ষা বাতিল।
এক জাননীযোগে এই কথা সদৰী কৰিছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ভিত্তিতেই হ’ব নামভৰ্তি।
শীঘ্ৰেই নামভৰ্তি, অনলাইন আবেদনৰ নতুন তাৰিখৰ বিষয়ে প্ৰকাশ কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
উল্লেখ্যযোগ্য যে, পূৰ্বে বিশ্ববিদ্যালয়খনত স্নাতক শাখাত নামভৰ্তিৰ ক্ষেত্রত শিক্ষাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত লাভ কৰা নম্বৰ আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত লাভ কৰা নম্বৰৰ ৪০ শতাংশ যোগ কৰি মেধাৰ তালিকা প্ৰস্তুত কৰা হ’ব বুলি জনাইছিল।