কঠোৰ আৰক্ষী-প্ৰশাসন, ভ্ৰমণৰ সময়ত আপুনি মানিবই লাগিব এইসমূহ নিয়ম…

April 27, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ইতিমধ্যে ক’ভিড প্ৰট’কল সন্দৰ্ভত ৰাজ্য চৰকাৰে আগবঢ়াইছে কেতবোৰ নীতি নিৰ্দেশনা।

ক’ভিড প্ৰট’কলক লৈ কঠোৰ হৈছে আৰক্ষী প্ৰশাসন।

তৎপৰ হৈ পৰিছে দেশৰ লগতে ৰাজ্যসমূহৰো প্ৰশাসন ব্যৱস্থা৷

ক’ভিড প্ৰট’কলসমূহক লৈ আৰক্ষী প্ৰশাসনে জাৰি কৰিছে বিভিন্ন নীতি-নিৰ্দেশনা৷

ব্যক্তিগত বাহনৰ গৰাকীসমূহলৈও আৰক্ষীয়ে আগবঢ়াইছে বিশেষ নিৰ্দেশনা৷

চাইকেল,অট’ৰিক্সা,টেক্সীসমূহত দুজনতকৈ অধিক যাত্ৰী উঠোৱাত নিষেধাজ্ঞা আৰোপ।

চিটিবাছ,আন্ত:জিলা আৰু আন্ত: ৰাজ্যিক বাছসমূহত ৫০ শতাংশ যাত্ৰীকহে উঠোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে৷

লগতে কোনো যাত্ৰীকে থিয় কৰাই নিব নোৱাৰিব বুলিও আৰক্ষীয়ে নিৰ্দেশ জাৰি কৰিছে৷

লগতে বাহন এখন অকলে চলাই যোৱাজনেও পৰিধান কৰিব লাগিব মাস্ক৷

টুইটাৰযোগে এই কথা সদৰী কৰে আৰক্ষী প্ৰধান জি পি সিঙে।