‘কথা দি কথা ৰাখিছে লুৰিণে’- হঠাৎ লুৰিণ গগৈৰ প্ৰশংসাত পঞ্চমুখ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

December 1, 2020 0 By NEWS DESK

হঠাৎ লুৰিণজ্যোতি গগৈৰ প্ৰশংসাত পঞ্চমুখ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৰুণোদয়ৰ আঁচনিৰ সন্দৰ্ভত এক অনুষ্ঠানত উপস্থিত থাকি আছুৰ সদ্য ত্যাগী নেতা গৰাকীক প্ৰশংসা কৰে হিমন্তই।

তেওঁ কয়- ‘লুৰিণ জ্যোতি গগৈয়ে এক প্ৰশংসনীয় দৃষ্টান্ত ডাঙি ধৰিছে। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে এক উদাহৰণস্বৰূপ হৈ ৰ’ব। নিজৰ ৫ বছৰীয়া কাৰ্যকালৰ পিছতে এক অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈ আছুৰ পৰা ওলাই আহি লুৰিণে এক দৃষ্টান্ত দেখুৱাইছে’।

আছুত যিসকলে সোমাই তেওঁলোকে এৰি আহিব নিবিচাৰে। যেতিয়ালৈকে বিধায়ক, মন্ত্ৰী নহয় তেতিয়ালৈকে বহুতেই আছু কৰি গৈ থাকে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

আনহাতে নাম নোলোৱাকৈ সমুজ্জ্বল ভট্টাচাৰ্যক সমালোচনা মন্ত্ৰীগৰাকীৰ- ‘৩০ বছৰৰ পাছত কোনো আছুৱে কৰিব নালাগে। আজিৰ দিনত আছুৰ কোনো প্ৰসংগিকতা নাই। আছুত এতিয়া ছাত্ৰ নাইয়েই। কা আন্দোলনৰ সময়ত আন্দোলনকাৰীতকৈ কা ৰ সমৰ্থকৰ সংখ্যাহে বেছি আছিল।’