কপিলী নৈত গা ধুবলৈ গৈ সলিল সমাধি দুই ভাতৃ ভগ্নীৰ
November 12, 2021নিউজ ডেস্ক। পশ্চিম কাৰ্বি আংলঙৰ ৱাতিযোৰৰ ছিলভেটাত অঘটন।
কপিলী নৈত গা ধুবলৈ গৈ সলিল সমাধি দুই ভাতৃ-ভগ্নীৰ।
খেৰনি আৰক্ষী চকাৰ অন্তৰ্গত কপিলী নৈৰ ছিলভেটাত গা ধুবলৈ গৈ ৰবিকুমাৰ সিং নামৰ চৈধ্য বছৰীয়া কিশোৰৰ সলিল সমাধি হোৱাৰ লগতে ভগ্নী আদিত্য কুমাৰী নামৰ কিশোৰীগৰাকীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি খেৰনি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।
চিকিৎসালয়ত আদিত্য কুমাৰীৰো মৃত্যু হয় বুলি জানিবলৈ দিয়ে চিকিৎসকে।
উল্লেখ্য যে ষট্ পূজা উপলক্ষে গুৱাহাটীৰ পৰা ৱাতিযোৰৰ ছিলভেটাত নিজ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল পৰিয়ালটো।
বৰ্তমানে ঘটনাকলৈ সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।