ক’ভিডক জয় কৰিলে এগৰাকী ৯২ বছৰীয়া আইতাই, চিকিৎসকে পিন্ধালে গামোচা…

June 14, 2021 0 By Biraj Kalita

ক’ভিডক জয় কৰিলে এগৰাকী ৯২ বছৰীয়া আইতাই।

হুইল চকীত বহিয়েই ক’ভিড জয় কৰিলে নলবাৰীৰ এগৰাকী ৯২ বছৰীয়া আইতাই।

যাৰ বাবে কভিড জয়ী আইতা গৰাকীক গামোচা পিন্ধালে নলবাৰীৰ চিকিৎসকৰ দলে।

বৃদ্ধা আইতা গৰাকী হ’ল নলবাৰী চহৰৰ গোপাল বজাৰৰ বাসিন্দা গিৰিজা দেৱী।

নলবাৰী চহৰৰ গোপাল বজাৰৰ বাসিন্দা আইতা গৰাকীয়ে আজি ১৪ দিন পূৰ্বে আক্ৰান্ত হৈছিল কৰ’ণাত।

কিন্তু পৰিয়ালৰ লোক, চিকিৎসকৰ যৎপৰনাস্তি চেষ্টাত সুস্থ হৈ উঠিল ৯২ বছৰীয়া গিৰিজা দেবী।