ক’ভিডক লৈ নতুন SOP: এইকেইখন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা…

July 19, 2021 0 By Biraj Kalita

ক’ভিডক লৈ নতুন নিৰ্দেশনা প্ৰাকশ কৰিলে ৰাজ্য চৰকাৰে।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কভিড সন্দৰ্ভত নতুন নিৰ্দেশনা ঘোষণা কৰে।

ৰাজ্যৰ কেইখনমান জিলাত পুনৰ এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা।

গোলাঘাট,যোৰহাট,লক্ষিমপুৰ,বিশ্বনাথ,শোণিতপুৰত সম্পূৰ্ণ লকডাউন।

মৰিগাওঁ আৰু গোৱালপাৰা দুপৰীয়া ১২ বজালৈকে খোলা থাকিব দোকান পোহাৰ।

১ বজাৰ পৰা এই দুখন জিলা জাৰি কৰা হৈছে সান্ধ্য আইন।

আনহাতে আন্তঃজিলা যাতায়ত পুনৰ পৰৱৰ্তী এটা সপ্তাহৰ বাবে বৃদ্ধি।

ৰাজ্যৰ বাকী জিলাবোৰত সন্ধিয়া ৫বজাৰ পৰা পুৱা ৫বজালৈ হ’ব সান্ধ্য আইন।

বিয়লি ৪বজালৈকে খোলা থাকিব দোকান পোহাৰ।

কামৰূপ (মহানগৰ), শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলং, ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকাণ্ডিত একেই সান্ধ্য আইনৰ নিয়ম।

পিছে ইয়াৰ মাজতে ডিব্ৰুগড়, নগাঁও আৰু শিৱসাগৰ জিলাত চোকা নজৰ থাকিব জিলা প্ৰশাসনে।

আনহাতে সমগ্ৰ ৰাজ্য জুৰি ৬০০০ ৰো অধিক ঠাই কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰৰ ক্ষেত্ৰী, যোৰাবাট অঞ্চল কণ্টেইনমেণ্ট জ’নৰ ভিতৰত।

ঈদত সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে।

বিয়া, ধৰ্মীয় অনুষ্ঠানত ১০জনৰো অধিক লোক সমৱেত হব নোৱাৰিব। এইক্ষেত্ৰত কঠোৰ হব চৰকাৰ।

এই নতুন নিয়মসমূহ ২০জুলাই পুৱা ৫বজাৰ পৰা প্ৰযোজ্য হব।