ক’ভিডত আক্ৰান্ত গৰ্ভৱতী মহিলাই এম্বুলেঞ্চতে প্ৰসৱ কৰিলে সন্তান…
July 12, 2021ক’ভিডত আক্ৰান্ত গৰ্ভৱতী মহিলাই এম্বুলেঞ্চতে প্ৰসৱ কৰিলে সন্তান।
গহপুৰত এই ঘটনা সংঘটিত হৈছে।
দেওবাৰে কলাবাৰী মহাবিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা এগৰাকী ৮ মাহৰ গৰ্ভৱতী মহিলাক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ পঠোৱা হৈছিল।
কিন্তু মহিলা গৰাকীয়ে চলন্ত এম্বুলেঞ্চৰ ভিতৰতে প্ৰসৱ কৰিলে এটি কন্যা সন্তান।
কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ ১০৮ কৰ্মচাৰী EMT দিলিপ বৰা আৰু চালক ৰিংকু দত্ত তেজপুৰ অভিমুখে গৈ থাকোঁতেই কুসুমটোলাত মহিলা গৰাকী প্ৰসৱ বেদনা অতি বেছি হোৱাত ইমটি দিলিপ বৰাই এম্বুলেন্সটেই মহিলা গৰাকীৰ কন্যা শিশু সন্তান জন্ম গ্ৰহণৰ সকলো কাম সুস্থ ভাৱে কৰোৱাই।
সচেতন মহলে দিলীপ বৰাৰ এই মহান কৰ্মক শঁলাগ লৈছে।