ক’ভিডত প্ৰাণ হেৰুওৱা লেহোৰাম বড়োৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ…
May 29, 2021ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে অসমৰ আন এজন বিধায়কে।
জি এম চি এইচত মৃত্যু হয় তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ।
ধায়ক বড়োৰ মৃত্যুত বিটিআৰ অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে ।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধায়কগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
তেওঁ টুইটাৰযোগে লিখিছে-‘সতীৰ্থ বিধায়ক লেহোৰাম বড়োৰ অকাল বিয়োগত মৰ্মাহত হৈছোঁ। তামুলপুৰ সমষ্টিৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাজনৈতিক জীৱনৰ বাবে ই এক বৃহৎ ক্ষতি। এই শোকৰ মুহূৰ্তত মই তেওঁৰ পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হোৱাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।’
সতীৰ্থ বিধায়ক লেহোৰাম বড়োৰ অকাল বিয়োগত মৰ্মাহত হৈছোঁ। তামুলপুৰ সমষ্টিৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাজনৈতিক জীৱনৰ বাবে ই এক বৃহৎ ক্ষতি। এই শোকৰ মুহূৰ্তত মই তেওঁৰ পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হোৱাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। pic.twitter.com/I64WBj7Xd4
— Himanta Biswa Sarma (@himantabiswa) May 29, 2021
উল্লেখ্য যে, গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন বিষয়া বড়োৱে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল৷
২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ইউপিপিএল দলৰ পৰা জয়ী হৈ আহিছিল প্ৰাৰ্থীগৰাকী।