ক’ভিডত মৃত্যু হোৱা প্ৰতিজন ৰোগীৰ মৃত্যুৰ তদন্ত কৰা হ’বঃ কেশৱ মহন্ত

May 13, 2021 0 By Biraj Kalita

ক’ভিডত মৃত্যু হোৱা প্ৰতিজন ৰোগীৰ মৃত্যুৰ তদন্ত কৰা হ’ব।

অসমত প্ৰতিদিনে এক লাখ লোকক ক”ভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

বৰপেটা মেডিকেল কলেজ হাস্পতালত ক’ভিড ৰোগীৰ চিকিৎসা সম্পৰ্কে এক আলোচনা মিলিত হৈ এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

মন্ত্ৰী গৰকীয়ে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভুষাল, বজালীৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্হ্য বিভাগৰ বিষয়া-চিকিৎসক সকলৰ সতে কভিড পৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

প্ৰতিদিনে অসমত এক লাখ লোকক ক’ভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে কয় এইক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিব চৰকাৰে৷

ইপিনে বৰপেটা মেডিকেল কলেজ হাস্পতালত পুনৰ আন এটা অক্সিজেন প্লান্ট প্ৰতিষ্ঠা কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ অহা পোন্ধৰ দিনৰ ভিতৰতে এই অক্সিজেন প্লান্ট প্ৰতিষ্ঠা সম্পূৰ্ণ কৰা হ’ব৷

অক্সিজেন প্লান্টটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে প্ৰায় দুশখন বেডত পাইপৰ জৰিয়তে ৰোগীক অক্সিজেন দিব পৰা যাব বুলি কয়।

ইয়াৰ উপৰি শুকুৰবাৰৰ ভিতৰতে কভিড কীট, ভেকচিন, আৰু ঔষধৰ নাটনি দূৰ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মহন্তই৷

ইপিনে গ্ৰামাঞ্চলত কভিড কেয়াৰ স্থাপন কৰা হ’ব বুলি মন্তব্য কৰি কভিড পজিটিভ ৰোগীসকল জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নীৰিক্ষণত থাকিব আৰু চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়৷

হাস্পতালত যিসকল ৰোগীৰ মৃত্যু হয়, সেই সকলৰ তদন্ত হ’ব লাগিব আৰু কি কাৰণত তেওঁৰ মৃত্যু হ’ল সেই সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে৷

কভিডৰ পৰা ৰক্ষাৰ বাবে দুই এদিনতে নতুন SOP প্ৰকাশ কৰিব চৰকাৰে আৰু মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ে আলোচনা কৰি থকা হৈছে৷

ইফালে ঘৰতে আইছ’লেশ্যনত থকা বা কন্টেইনমেন্ট জ’নত থকা বিপিএল পৰিয়ালক দুহেজাৰ টকাৰ খাদ্য সামগ্ৰী প্ৰদানৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে।

আনহাতে ক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগী সকলক নিতৌ তিনিশ টকাৰ খাদ্য প্ৰদান কৰা হ’ব বুলিও কয়।