ক’ভিডৰ তথ্য সঠিকভাৱে ৰখাত গুৰূত্ব উপায়ুক্তৰঃ মহানগৰত এপযোগে লাভ কৰিব ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট…
May 30, 2021এতিয়াৰ পৰা মহানগৰত ক’ভিড পৰীক্ষা কৰা সকলে ৰিপৰ্টৰ বাবে SMS অহালৈ অপেক্ষা কৰি থকাৰ প্ৰয়োজন নাই৷ মাথো এটা ক্লিকতেই জানিব পাৰিব আপোনাৰ ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট৷
এয়া সম্ভৱ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কামৰূপ মহানগৰ জিলাই উদ্ভাৱন কৰি উলিউৱা এটা এপে৷
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কামৰূপ মহানগৰৰ ডাটা চেলে উদ্ভাৱন কৰা https://kamrupmetrohealth.org নামৰ এপটোৰ জৰিয়তে পৰীক্ষা কৰোৱা লোকজনে নিজে ৰিপৰ্টটো ডাউনল’ড কৰি ল’ব পাৰে৷
ইয়াৰ বাবে মাথো তেওঁৰ SRF নম্বৰ বা পৰীক্ষা কৰোতে পঞ্জীয়ন কৰা মবাইল নম্বৰটো দিলেই হ’ল৷
ইতিমধ্যে ১৭,৯৫১ জন লোকে এই এপৰ পৰা উপকৃত হৈছে৷
আনহাতে, ক’ভিড সংক্ৰান্তীয় কোনো তথ্য যাতে খেলিমেলি নহয় তাৰ বাবে ক’ভিড-১৯ সম্পৰ্কীয় সকলো তথ্য সঠিক আৰু উপযুক্তভাৱে ৰখাৰ ওপৰত গুৰূত্ব আৰোপ কৰিছে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷
শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত লেবৰেটৰী ইনচাৰ্জ, এমট্ৰনৰ প্ৰতিনিধি, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জ’নেল তত্বাবধায়কসকল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত এই নিৰ্দেশ দিয়ে উপায়ুক্তই৷
বৈঠকখনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা, অতিৰিক্ত উপায়ুক্ত(টীকাকৰণ) গুণজিৎ ৰয় চৌধুৰী, ৱাৰ ৰূম ইনচাৰ্জ তথা যুটীয়া সচিব শ্বাহজাদ আলম, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়া উপস্থিত থাকে৷