ক’ভিডৰ নতুন নিৰ্দেশনাঃ মহানগৰীত আবেলি ৪ বজাৰ পৰা পুৱা ৫ বজালৈ হ’ব সান্ধ্য আইন…
June 25, 2021ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা।
স্বাস্থ্যমন্ত্ৰীৰ কেশৱ মহন্তৰ সংবাদমেলযোগে ঘোষণা কৰে নতুন SOP।
সোমবাৰৰ পৰা প্ৰযোজ্য হব নতুন SOP।
কামৰূপ মহানগৰত বিয়লি ৩ বজালৈ খোলা থাকিব সকলো দোকান পোহাৰ।
মহানগৰীত আবেলি ৪ বজাৰ পৰা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন।
২৪৭টা অঞ্চলত হৈছে অধিক সংক্ৰমণ।
পৰ্টেল কন্টেইনমেন্ট জন ঘোষণা কৰিবলৈ নিৰ্দেশ উপাযুক্তক।
চাৰিখন জিলাত বৃদ্ধি হৈছে সংক্ৰমণ।
বিশ্বনাথ, গোৱালপাৰা, মৰিগাও আৰু গোলাঘাটতত বৃদ্ধি হৈছে সংক্ৰমণ।
সম্পূৰ্ণ কন্টেইনমেন্ট জন ঘোষণা কৰা হব এই জিলাকেইখনত।
ভেকচিনৰ এটা ড’জ লোৱা লোকে কৰ্মস্থানলৈ আহিব পাৰিব।
ভেকচিন নল’লে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হ’ব।
দুটাকৈ ভেকচিনৰ প্ৰমাণ পত্ৰ থকা লোকে বিমান বন্দৰ আৰু ৰেলৱে ষ্টেচনত কভিড চেষ্টৰ সন্মুখীন নহলেও হব।
আন্তঃজিলা যাতায়ত বৰ্তমানেও অব্যাহত থাকিব।