ক’ভিড আক্রান্ত লোকক ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল স্বাস্থ্যকৰ্মী…
May 30, 2021ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।
কৰ’ণাক পৰাভূত কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা।
ক’ভিড ৰোগীৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে পৰ্যাপ্ত ব্যৱস্থা।
কিন্তু একাংশই যেন ইয়াৰ মাজতে সূযোগ লৈ ধনদাবী কৰিছে ক’ভিড ৰোগীৰ পৰা।
তেনেই এক ঘটনা সংঘটিত হৈছিল সৰুসজাই ক’ভিড কেয়াৰ চেণ্টাৰত।
ক’ভিড আক্রান্তক ধন দাবী কৰিছিল স্বাস্থ্যকৰ্মীয়ে।
প্রবীণ ৰাজবংশী নামৰ এজন ক’ভিড ৰোগীৰ পৰা ধন দাবী কৰিছিল কপিল বৰগোহাঁই নামৰ এজন স্বাস্থ্যকৰ্মীয়ে।
ৰোগীগৰাকীক কৈছিল স্বাস্থ্যকৰ্মী বৰগোঁহাই কৈছিল-‘যদি ঘৰত হোম কোৱাৰেণ্টাইনৰ পোষ্টাৰ লগাব নালেগে দিব লাগিব ধন’।
ম’বাইল ফোনযোগে এনেদৰে ধন দাবী কৰিছিল কপিল বৰগোহাঁয়ে।
ইয়াৰ পাছতে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ অন্তত গ্রেপ্তাৰ কৰা হয় স্বাস্থ্যকৰ্মীগৰাকীক।
বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বাস্থ্যকৰ্মীজনক।