ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধীৰ, আৰক্ষীৰ মাজত হাহাকাৰ…

May 29, 2021 0 By NEWS DESK

হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয় পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধীৰ।

হাস্পতালত নিৰাপত্তা ব্যবস্থাৰ দুৰ্বলতাৰ সুযোগ লৈ যোৱা ২৭ মে’ত হত্যাকাৰী ৰুহুল উদ্দিন চিকিৎসালয়ৰ পৰা পলায়ন কৰে।

বিগত কিছু দিনৰ পৰা কৰ’ণাৰ হটস্পটত পৰিণত হৈছে হাইলাকান্দি জিলা কাৰাগাৰ।

কাৰাগাৰত থকা ২০ গৰাকী কয়দি আক্ৰান্ত হৈছে ক’ভিডত।

যোৱা বুধবাৰ অৰ্থাৎ ২৬ মে’ তাৰিখত  হাইলাকান্দি জিলা কাৰাগাৰত জিলা স্বাস্থ্য বিভাগৰ পৰা কৰা টেষ্টত ১৩ জন কয়দিৰ শৰীৰত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল।

এই ১৩ গৰাকী কয়দিৰ ভিতৰত আছিল ৰুহুল উদ্দিন লস্কৰ নামৰ এগৰাকী কুখ্যাত অপৰাধীও। ৰুহুল উদ্দিন এটা হত্যাৰ অপৰাধত জেলত বন্দী আছিল।

এই ১৩ গৰাকী কয়দিক বুধবাৰে হাইলাকান্দিৰ সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

কিন্তু হাস্পতালত নিৰাপত্তা ব্যবস্থাৰ দুৰ্বলতাৰ সুযোগ লৈ যোৱা ২৭ মে’ত হত্যাকাৰী ৰুহুল উদ্দিন চিকিৎসালয়ৰ পৰা পলায়ন কৰে।

যোৱা দুদিনৰ পৰা পলাতক ৰুহুল উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই হাইলাকান্দি আৰক্ষী।

অৱশেষত আজি হাইলাকান্দি সদৰ আৰক্ষীয়ে এক সংবাদমেল আয়োজন কৰি এই কুখ্যাত অপৰাধীৰ সন্ধানৰ বাবে পুৰস্কাৰ ঘোষণা কৰে।

এই কুখ্যাত অপৰাধী জনৰ সন্ধান দিয়া ব্যক্তিৰ সকলো তথ্য গোপন ৰাখি নগদ ধনেৰে পুৰষ্কৃত কৰা হ’ব বুলি ঘোষণা কৰিছে আৰক্ষীয়ে।